Luke 14
বিশ্ৰাম বাৰে এজন ৰোগীক সুস্হ কৰা
1এদিন বিশ্ৰাম বাৰে এইদৰে হৈছিল, যীচু এজন প্ৰধান ফৰীচী চলাওঁতাৰ ঘৰত পিঠা খাবলৈ সোমাল, তাতে লোক সকলে তেওঁক ভালকৈ চাবলৈ ধৰিলে। 2সেই ঠাইত তেওঁৰ আগত এজন জলোদৰী বেমাৰত আক্ৰান্ত লোক আছিল। 3তাতে যীচুৱে মাত লগাই বিধান পণ্ডিত আৰু ফৰীচী সকলক সুধিলে, “বিশ্ৰাম বাৰে সুস্থ কৰিব পাই নে নাপায়?” 4 কিন্তু তেওঁলোক নিজম দি থাকিল। তেতিয়া তেওঁ মানুহ জনক মাতি আনি সুস্থ কৰি পঠাই দিলে। 5আৰু তেওঁলোকক কলে, “অাপোনালোকৰ কাৰোবাৰ বলধ বা গাধ নাদত পৰিলে,তৎক্ষণাত নুতুলিব নে?” 6তেতিয়া তেওঁলোকে সেই কথাৰ উত্তৰ দিব নোৱাৰিলে।মহা ভোজৰ দৃষ্টান্ত
7 তেতিয়া লোক সকলে প্ৰধান ঠাই বাচি লোৱা দেখি, যীচুৱে তেওঁলোকক দৃষ্টান্ত দি কলে, 8কোনোবাই তোমাক বিয়ালৈ নিমন্ত্ৰণ কৰিলে, প্ৰধান ঠাইত নবহিবা; কিজানি তোমাতকৈ মান্যৱন্ত কোনো মানুহ নিমন্ত্ৰণ হৈছে; 9পাছত তেনে কৰিলে, যি জনে তোমালোক দুয়োকে নিমন্ত্ৰন কৰিছে; তেওঁ আহি তোমাক কব, “এওঁক তোমাৰ ঠাইতো এৰি দিয়া”। তেতিয়া তুমি লাজত পৰিবা, কাৰণ তুমি গৈ সকলোতকৈ চাপৰ ঠাইত বহিব লাগিব। 10 কিন্তু যেতিয়া নিমন্ত্ৰিত হৈও চাপৰ ঠাইত বহিবা; তেতিয়া তোমাক নিমন্ত্ৰণ কৰা জন আহি, দেখিলে কব “হে বন্ধু ওখ ঠাইলৈ যোৱা”; তেতিয়া তোমাৰ সৈতে ভোজনত বহা সকলোৰে আগত তুমি মর্য্যদা পাবা। 11কিয়নো যি কোনোৱে নিজকে বৰ বুলি মানে, তেওঁক সৰু কৰা হব; আৰু যি কোনোৱে নিজকে সৰু বুলি মানে, তেওঁক বৰ কৰা হব। 12 তেতিয়া তেওঁক নিমন্ত্ৰণ কৰা জনে ক’লে, “দুপৰ বা নিশাৰ ভোজ পাতিলে, তুমি নিজৰ বন্ধু বা ভাই সকলক বা জ্ঞাতি-কুটুম্ব বা ধনবন্ত চুবুৰীয়া সকলক নামাতিবা; তেওঁলোকে তোমাক নিমন্ত্ৰণ কৰিব, আৰু তোমাৰ প্ৰতিদান ঘূৰাই দিব । 13 কিন্তু যেতিয়া ভোজ পাতা, তেতিয়া দৰিদ্ৰ, কোঙা, খোৰা, অন্ধ এনে লোকক মাতিবা। 14তাতে তোমাক প্ৰতিদান ৰূপে ঘুৰাবলৈ তেওঁলোকৰ একো নোহোৱাত, তুমি ধন্য হবা। কিয়নো ধার্মিক সকলৰ পুনৰুত্থানত তোমাক প্ৰতিদান দিয়া হব”। 15 যি সকলে যীচুৰ সৈতে ভোজনত বহিছিল, তেওঁলোকৰ মাজৰ এজনে এই কথা শুনি , তেওঁক কলে, “যি কোনোৱে ঈশ্বৰৰ ৰাজ্যত ভোজন কৰিব তেওঁ ধন্য”। 16কিন্তু যীচুৱে তেওঁক কলে, “এজন মানুহে নিশা বৰ ভোজ পাতি, অনেক লোকক নিমন্ত্ৰণ কৰিলে। 17পাছত ভোজনৰ সময় হোৱাত, তেওঁ নিজৰ এজন দাসক পঠাই নিমন্ত্ৰিত সকলক কলে, আহক, এতিয়া ভোজন যুগুত হৈছে। 18 তাতে সকলো লোকে একে ভাবে ক্ষমা প্ৰার্থনা কৰিবলৈ ধৰিলে। প্ৰথম জনে তেওঁক কলে, মই এডৰা মাটি কিনিলোঁ; মই তোমাক মিনতি কৰিছোঁ; মই সেই মাটি চাবলৈ যাব লাগে । 19আন এজনে কলে, মই পাঁচ হাল বলদ কিনিলোঁ; সেইবাবে ময়ো তোমাক মিনতি কৰিছোঁ , মই পথাৰত প্ৰমাণ চাবলৈ যাওঁ; । 20আন এজনে কলে, মই এগৰাকীক বিয়া কৰালো, এই কাৰণে যাব নোৱাৰো। 21 তেতিয়া সেই দাসে আহি মহাশয়ৰ আগত লোক সকলৰ সম্বাদ দিলে। তেতিয়া ঘৰৰ গৰাকীয়ে ক্ৰুদ্ধ হৈ তেওঁৰ দাসক কলে, তুমি নগৰৰ আলি আৰু সৰু বাটলৈ বেগাই ওলাই দৰিদ্ৰ, কোঙা, অন্ধ, খোৰা এনে লোক সকলক ইয়ালৈ মাতি আনাগৈ। 22পাছত সেই দাসে কলে, হে মহাশয় আপোনাৰ আজ্ঞাৰ দৰে হৈছে; তথাপি এতিয়াও ঠাই আছে। 23 তেতিয়া ঘৰৰ গৰাকীয়ে দাসক কলে, ৰাজবাট আৰু আলিবাটলৈ ওলাই যোৱা আৰু মোৰ ঘৰ ভৰাবলৈ লোক সকলক উচতাই আনাগৈ। 24কিয়নো মই আপোনালোকক কওঁ, সেই নিমন্ত্ৰিত লোক সকলৰ এজনেও মোৰ ভোজনৰ আস্বাদ নাপাব”।প্রকৃত শিষ্যৰ লক্ষণ
25 তেতিয়া যীচুৰ সঙ্গে সঙ্গে এদল মানুহ গৈ আছিল, যাওঁতে তেওঁ মুখ ঘূৰাই সেই লোক সকলৰ ফালে চাই কলে-, 26“কোনোৱে মোৰ ওচৰলৈ আহি নিজৰ মাক, বাপেক, তিৰোতা, সন্তান, ভায়েক, ভনীয়েক আনকি নিজৰ প্ৰাণকো অপ্ৰিয় বুলি নামানে, তেনেহলে তেওঁ মোৰ শিষ্য হব নোৱাৰে। 27যি কোনোৱে নিজৰ ক্ৰুচ লৈ মোৰ পাছত আহিব নোৱাৰে, তেৱোঁ মোৰ শিষ্য হব নোৱাৰে । 28 কিয়নো গড় কাৰেং বান্ধিবলৈ মন কৰিলে, প্ৰথমতে বহি তাৰ কিমান খৰচ আৰু ইয়াক সম্পূর্ণ কৰিবলৈ সমর্থ আছে নে নাই, এই বিষয়ে গণনা নকৰা আপোনালোকৰ মাজত কোন আছে? 29তেওঁ ভেটি তুলি যদি সম্পূর্ণ কৰিব নোৱাৰে, তেন্তে এই কর্ম চাই থকা লোক সকলে তেওঁক বিদ্ৰূপ কৰি কব ধৰিব, 30“এই মানুহজনে সাজিবলৈ আৰম্ভ কৰিলে কিন্তু সম্পূর্ণ কৰিব নোৱাৰিলে।” 31 অথবা অন্য এজন ৰজাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যাওঁতে প্ৰথমতে বহি চিন্তা নকৰিবনে, যে তেওঁৰ দহ হাজাৰ সৈন্যই বিপক্ষৰ বিশ হাজাৰ সৈন্যৰ বিৰুদ্ধে যুজিব পাৰিব নে নোৱাৰিব? 32যদি নোৱাৰে তেন্তে সি জন ৰজা দূৰৈত থাকোতেই, কটকী পঠিয়াই সন্ধিৰ কথা সুধিব। 33এতেকে আপোনালোকৰ যি কোনোৱে নিজৰ সর্বস্ব ত্যাগ নকৰে, তেওঁ মোৰ শিষ্য হব নোৱাৰে। 34 লোণ হলে উত্তম ; কিন্তু যদি লোণৰো সোৱাদ নাইকিয়া হয়, তেন্তে ইয়াক কিহেৰে পুণৰাই সোৱাদ কৰা হব? 35সি মাটিৰ বা সাৰৰ ভেটিৰ কাৰণেও উপযুক্ত নহব; তাতে মানুহে সেইবোৰ বাহিৰলৈ পেলাই দিব। যি জনৰ শুনিবলৈ কাণ আছে, তেওঁ শুনক।
Copyright information for
AsmULB